Local, Vocal, Global

তিনিচুকীয়াৰ ফিল’বাৰীত চাঞ্চল্যকৰ কিশোৰী অপহৰণৰ ঘটনা

তিনিচুকীয়া জিলাৰ ফিল’বাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আব্দুল নুৰ নামৰ পকা মিস্ত্ৰী কাম কৰা এজন যুৱকে ফিল’বাৰী বৰগাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিশা ৩ মান বজাত চকুত কাপোৰ বান্ধি, মুখত সোপা দি অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে৷ ঘটনা সম্পৰ্কে কিশোৰীগৰাকীৰ পৰিয়ালে ফিল’বাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰীগৰাকীৰ লগত থকা ম’বাইল ফোনৰ Location Trace কৰি গড়কাপ্তানী বিভাগৰ ভগ্নপ্ৰায় এটা গৃহৰ সমীপৰ পৰা পুৱা ১০ বজাত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিশোৰীগৰাকীক উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য। কিশোৰীগৰাকীয়ে পিতৃলৈ ফোনযোগে জনোৱা অনুসৰি অপহৰণৰ পিছতেই কিশোৰীগৰাকীক কোনো এক ঘন জংঘলৰ মাজত এটা পকা ঘৰত বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। ইফালে, ফিল’বাৰী আৰক্ষীয়ে 42/2020 নম্বৰত গোচৰ পঞ্জীয়ণ কৰি ক্ষীপ্ৰতাৰে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত আব্দুল নুৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে, কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰোৱাৰ লগতে অভিযুক্ত আব্দুল নুৰক আদালতলৈ প্ৰেৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফিল’বাৰীতেই সৃষ্টি হৈছে চাঞ্চল্য।