Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ

২৪ ঘন্টাত ৰাজ্যত পুনৰ আক্ৰান্ত ২৩৭২গৰাকী

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। বৃহস্পতিবাৰে ৰাজ্যত পুনৰ আক্ৰান্ত  ২৩৭২ গৰাকী। নতুনকৈ আক্ৰান্তৰ ৪৭০ গৰাকী কামৰূপ মহানগৰৰ, ১২৮ গৰাকী ডিব্ৰুগড়ৰ, ১৯৭ গৰাকী নগাঁৱৰ, ১৬০ গৰাকী কাছাৰৰ, ১২২ গৰাকী তিনিচুকীয়াৰ,  ১০৪ গৰাকী যোৰহাটৰ। বৃহস্পতিবাৰে ৰাজ্যত ১৩৩২ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। ৰাজ্যত বৃহস্পতিবাৰে পুনৰ মৃত্যু ৫ গৰাকী।

 

৩৭ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৫২,৮১৭ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৭,২২৪ গৰাকী। বৰ্তমান ৰাজ্যত ১৫,৪৬৪ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১২৬ গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৫৫,৬৭১ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বৃহস্পতিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.২৫ শতাংশ।