Local, Vocal, Global

তিনিচুকীয়াৰ ন-পুখুৰী পাৰ্কত উদ্ধাৰ মৃতদেহ

আজি পু্ৱা তিনিচুকীয়াৰ ন-পুখুৰী পাৰ্কত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ  কৰে ৷পৰৱৰ্তী সময়ত মৃতদেহটো মিলনপল্লীৰ মিঠু দাস বুলি চিনাক্ত কৰে ৷ উল্লেখ্য যে  মিঠু দাস ২২ জুলাই পুৱাৰ ভাগৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু লোকজন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল ৷তিনিচুকীয়াৰ এখন ঐতিহাসিক উদ্যান মৰুৎ নন্দন কানন(ন-পুখুৰী পাৰ্ক)ত এনেদৰে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত উদ্যানখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এয়া আত্মহত্যা নে হত্যাকাণ্ড ঘটনা সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে   ৷