Local, Vocal, Global

অপেক্ষাৰ অৱসান৷ ১৯ ছেপ্টেম্বৰ পৰাই আই পি এল ৷

ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত ইণ্ডিয়াৰ প্ৰিমিয়াৰ লীগ৷ UAEত অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংস্কৰণৰ আই পি এল৷ ১৯ ছেপ্টেম্ৱৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আই পি এল৷ আই পি এলৰ চেয়াৰমেন ব্ৰিজেছ পেটেলে এই কথা জানিবলৈ দিয়ে৷

গৱৰ্ণিং কাউন্সিল কমিটীয়ে সম্ভৱতঃ ২-৩ দিনৰ ভিতৰতে আই পি এলৰ সময়সূচী সন্দৰ্ভত ল’ব চূড়ান্ত সিদ্ধান্ত৷ ৫১ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব আই পি এলৰ আটাইকেইখন খেল৷ টি-২০ বিশ্বকাপ বাতিল হোৱাৰ পিছত আই পি এল অনুষ্ঠিত কৰাৰ বাবে সময় লাভ কৰিছিল আই পি এল কাউন্সিলে৷

ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছিল বহু প্ৰত্যাশিত আই পি এলৰ মেছ উপভোগ কৰিবৰ বাবে৷ অৱশেষত ক্ৰিকেটপ্ৰেমীৰ বাবে আহিল সুখবৰটো৷ বহুতো নতুন নীতি-নিয়মেৰে অনুষ্ঠিত হ’ব এইবেলিৰ আই পি এল৷