Local, Vocal, Global

তিনিচুকীয়াৰ ৰূপাইত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনিচুকীয়াৰ ৰূপাইত ভয়ংকৰ পথ দুৰ্ঘটনা

তালাপ-ডাঙৰি দিশৰ পৰা ৰূপাই দিশে তীব্ৰ গতিত অহা এখন মালবাহী ট্ৰাকে খুন্দিয়াই এজন পথচাৰীক ৷ খোজকাঢ়ি আহি থকা অৱস্থাত ৰূপাইৰ ধন নগৰৰ নিবাসী ৰিংকু দাস নামৰ লোক জনক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় লোকজন ৷ ট্ৰাক খনৰ সন্ধানত পিছে পিছে খেদি যায় স্থানীয় প্ৰতক্ষ্যদৰ্শীয়ে ৷ ঘটনাস্থলীত ইতিমধ্যে ডুমডুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিমোহন কোঁচ উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷