Local, Vocal, Global

তিনিচুকীয়াত কৰ’না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমন

  • কোনো ভ্ৰমণ বৃত্তান্ত নথকা মাকুম আৰক্ষী থানাৰ ২২ গৰাকীৰ লগতে এগৰাকী গাওঁৰক্ষী বাহিনীৰ কৰ্মীৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ ।
  • কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ৰাইজৰ স্বাৰ্থত কৰ্মৰত  আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ কৰ্মী  দেহত কৰ’না ধৰা পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মাকুমত ।
  • কৰ’না পজিটিভ ধৰা পৰা আটাইকেইগৰাকী আৰক্ষীক ইতিমধ্যে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে জিলা স্বাস্থ্য বিভাগে ।
  • উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাকুমৰ নিবাসী, শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ লগতে পুত্ৰৰ দেহত ধৰা পৰিছিল কৰ’নাৰ পজিটিভ ।