Local, Vocal, Global

ভাৰতীয় ৰেলক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে চিটুৰ তীব্ৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ১৫১ খন ৰেল আৰু ১০৯ টা ৰেলৱে পথ ব্যক্তিগত খণ্ডত দিয়াৰ বাবে চলাইছে প্ৰস্তুতি আৰু কেন্দ্ৰীয় চৰকাৰৰ এই সিন্ধান্ত বিৰুদ্ধে সৰৱ হৈছে দল-সংগঠন । আজি বৰপেটাৰোড ৰেল ষ্টেচন পৰিসৰতো চিটুৰ সদস্য সকলে কেন্দ্ৰীয় চৰকাৰৰ এই সিন্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে ৷

”ৰেল বিভাগক ব্যক্তিগতকৰণ কৰা বন্ধ কৰক, দেশৰ অৰ্থনীতিলৈ প্ৰচুৰ অৰিহনা আগবঢ়োৱা ৰেলক ব্যক্তিগতকৰণ কৰা নচলিব, ৰেল ব্যক্তিগতকৰণ কৰি ৰাইজৰ মূৰত ৰাম টাঙোন মৰা বন্ধ কৰক, পুঁজিপতিৰ স্বাৰ্থত ব্যক্তিগত ৰেল চলাবলৈ লোৱা সিদ্ধান্ত বাতিল কৰক, ৰেল বিভাগত খালী হৈ থকা স্থায়ী পদসমূহ শীঘ্ৰে পূৰণ কৰক, ভাৰতীয় ৰেল ভাৰতবাসীৰ সম্পদ-ইয়াৰ ব্যক্তিগতকৰণ বন্ধ কৰক” ইত্যাদি শ্লোগান দি সমগ্ৰ পৰিৱেশটো উত্তাল কৰি তোলে ৷

এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি চিটুৰ নেতা দেৱৰাজ ছেত্ৰী আৰু মথুৰা দাসে কয় যে- ৰেলসমূহ ব্যক্তিগতকৰণ কৰিলে তাৰ ভাড়া মালিকসকলে নিৰ্ধাৰণ কৰিব পাৰিব। কৰ্মচাৰীসকলক মালিকসকলে নিয়োগ কৰিব। ৰেল বিভাগত নতুনকৈ স্থায়ী নিযুক্তি নহ’ব আৰু খালী হৈ থকা প্ৰায় ১ লাখ পদ বিলুপ্তি ঘটাব। অৰ্থাৎ আমাৰ ভৱিষ্যত প্ৰজন্মৰ ৰেলৰ স্থায়ী চাকৰিত নিয়োগ হোৱাৰ আশা শেষ ।