Local, Vocal, Global

চলন্ত ৰে’লত মহিলা যাত্ৰীৰ মূৰত টিকট পৰীৰক্ষকেই প্ৰস্ৰাৱ কৰিলে !

ডিজিটেল ডেস্ক:-ৰে’লত ঘটিল অঘটন।এয়াৰ ইণ্ডিয়াৰ বিমানৰ যাত্ৰীৰ ওপৰত সহ-যাত্ৰীয়ে প্ৰস্বাৱ কৰাৰ ঘটনা মাৰ নৌযাওঁতেই আৰু ঘটিল আন এটা অনুৰূপ ঘটনা।এইবাৰ ৰে’লৰ টিকট পৰীক্ষক এগৰাকীৰ বিৰুদ্ধে মহিলাৰ যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ।দেওবাৰে নিশা সংঘটিত হয় এই ঘটনাতো।জানিব পৰা মতে মহিলাগৰাকীয়ে তেওঁৰ স্বামী ৰাজেশ কুমাৰ সৈতে অমৃতসৰৰ পৰা আহি আছিল আৰু তেওঁলোক যাত্ৰা কৰি আছিল আৰু তেতিয়াই ঘটনাটো সংঘটিত হয়।ঘটনাটো সংঘটিত হোৱাৰ সময়ত অকাল তছত এক্সপ্ৰেছ খন অমৃতসৰৰ পৰা কলকাতাৰ পথত আছিল।অভিযোগ মতে টিকত পৰীক্ষাক জনে সুৰাপান কৰি আছিল।নিচাগ্ৰস্ত অৱস্থাত টিকট পৰীক্ষাক জনে অভদ্ৰ আচৰণ কৰাৰে অভিযোগ উত্থাপিত হৈছে।টিটিইৰ বিহাৰৰ নাগৰিক মুন্না কুমাৰ বুলি চিনাক্ত কৰা হৈছে।সোমবাৰে পুৱা ৰাজেশে উত্তৰ প্ৰদেশৰ চাৰবাগৰ ওচৰত অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

অভিযোগৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে টিকট পৰীক্ষাজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।