Local, Vocal, Global

শাৰীৰিক ভাৱে অক্ষম এজন যুৱক, শাৰীৰিক বাধাক নেওচি বিশ্ব দৰবাৰত জিলিকিল এজন যুৱক…

ডিজিটেল ডেস্ক:-আজি আমি আপোনালোকক কম 20 বছৰীয়া এজন যুৱকৰ জীৱন সংগ্ৰামৰ কথা।যাৰ নাম মইন যুনেইড। কৰ্ণাটকৰ তিলকবাৰিৰ বেলগামত জন্ম গ্ৰহণ কৰিছিল মইন যুনেইডে । কিন্তু মইনৰ জন্মৰ পৰাই আছিল অষ্ট্ৰজেচিছ ইম্পেৰফেক্ট নামৰ এটা বেমাৰ ।যাৰ বাবে সময়ৰ লগে লগে শৰীৰৰ হাড়বোৰ ভাঙি গৈ থাকে। সামান্য হেঁচাটো ভাঙি যায় শৰীৰৰ হাড়বোৰ। আৰু এই বেমাৰৰ পৰিপ্ৰেক্ষিতত মইনৰ শৰীৰত ৩০০ ত কৈও অধিক হাৰ ভাঙি যায়। সেয়াহে মইনক সৰুৰে পৰা পিতৃ মাতৃয়ে অধিকাংশ সময় পানীতে খেলা ধূলা কৰিব দিছিল ।

সৰুৰে মইনেপানীত থাকিছিল কাৰণ তাত নাছিল হাৰ ভঙাৰ কোনো ভয়। মইনৰ মাকে কৈছে যে মইন সৰুৰে পৰা পানীত সহজ আৰু আৰাম অনুভৱ কৰিছিল। মইনে প্ৰায় ১০০০ ত কৈও অধিক ডক্টৰক দেখুৱায় আৰু ৩০ লাখত কৈও অধিক টকা খৰচ কৰে।

মইনৰ মাকে মইনক সাতৰবিদৰ প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক বিচাৰি আছিল তেতিয়া মাকে সাতৰবিদ প্ৰশিক্ষক উমেশ কালঘাটগী (umesh kalghatgi) লগ পাই আৰু তেওঁ ময়নক প্ৰশিক্ষণ দিয়ে। মইনে প্ৰথমবাৰ ২০০৯ চনত কলকাতাৰ national tournament ভাগ লয় আৰু সুন্দৰ প্ৰদৰ্শন দেখুৱাই আৰু দেশত নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে।

।ইয়াৰ পিছত মইনে তিনিটা international competition ভাগ লয়। ইয়াৰে প্ৰথম প্ৰতিযোগিতা টো আছিল পুয়েৰ্টো ৰিকো (puerto rico) এই প্ৰতিযোগিতাত ময়নে সোণ ৰ পদক লাভ কৰে আৰু এইটো মইনৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা আছিল। মইনে এতিয়ালৈকে প্ৰায় ২২ টা মেডেল লাভ কৰিছে।আৰু বিশ্ব দৰবাৰত নিজৰ নাম জিলিকিবলৈ সক্ষম হয়।

আপুনি আপোনাৰ ৰৈ যোৱা জীৱনটো গতি দিব নোৱাৰিবো নে ?আপুনিও পাৰিব প্ৰয়োজন মাথো ইচ্ছাশক্তিৰ। যিদৰে জুইত হাতখন সোমালে আপুনিয়েই আতৰাই দিবলৈ শিকিছে, যিদৰে কষ্ট লৈয়ো হাঁহিব শিকিছে, প্রয়োজন মাত্ৰ অদম্য ইচ্ছাশক্তিৰ। প্ৰয়োজন মাত্ৰ আপোনাৰ মনত লুকাই থকা মানুহজনক উলিয়াই লৈ অনাটো ।