Local, Vocal, Global

কৰ’নাৰ পিছত চীনত এইবাৰ ‘টিকব’ৰ্ণ’ ভাইৰাছৰ সংহাৰ

কৰ’নাৰ মাজতে চীনত এইবাৰ আন এক নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

চিকিৎসা বিজ্ঞানৰ নতুন প্ৰত্যাহ্বান ‘টিকব’ৰ্ণ’

ভাইৰাছে প্ৰাণ ল’লে ৭গৰাকীৰ, আক্ৰান্ত ৬৭গৰাকী

কৰ’নাৰ পিছত এইবাৰ চীনত নতুন ভাইৰাছৰ সংহাৰ৷ কাল কৰ’নাৰ ভয়াৱহতাৰ পৰা বৰ্তমানেও বিশ্ব মুক্ত হোৱা নাই৷ প্ৰতিমুহূৰ্ততে বৃদ্ধি পাই আছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা৷ কৰ’নাৰ মাজতে চীনৰ পৰা আহিছে আন এক ভয়াৱহ খবৰ৷ চীনত চলিছে আন এক নতুন ভাইৰাছৰ সংহাৰ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি চীনত টিকবৰ্ণ নামে আন এক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে৷ বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৬৭গৰাকীকৈ লোক৷ ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৭গৰাকীকৈ লোক৷ মৃত্যুমুখত পৰা লোককেইগৰাকী আনহুই আৰু পূৱ চীনৰ জিয়াংছু অঞ্চলৰ৷ চলিত বৰ্ষৰ প্ৰথম ছমাহত জিয়াংছু প্ৰদেশত ৩৭গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ পিছত ২৩গৰাকী জিয়াংছু প্ৰদেশৰ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷

এবিধ বিশেষ প্ৰজাতিৰ চিকৰাই কামোৰাৰ পিছত এজনৰ পৰা আন এজনলৈ অতি সহজে সংক্ৰমণ হয় এই ভাইৰাছৰ৷ এই ভাইৰাছৰ লক্ষণসমুহ এনেধৰণ – প্ৰথমাৱস্থাত আক্ৰান্ত হ’লে জ্বৰ উঠে, স্নায়ু সমস্যাই দেখা দিয়ে, মাংস পেশীৰ বিষৰ লক্ষণ দেখা দিয়ে, বিভিন্ন অংগ-পতংগই কাম নকৰা হয়, পিত্তজনিত ৰোগেও দেখা দিয়ে৷

২০০৯ চনত চেন্ট্ৰ’ল চীনত ধৰা পৰা এইবিধ ভাইৰাছে ২০১১ চনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল৷ ঠিক একেদৰে ২০১২ চনত দক্ষিণ কোৰিয়া আৰু ২০১৩ চনত পশ্চিম জাপানত ইয়াৰ সংক্ৰমণ হৈছিল৷

কৰ’নাৰ দৰেই এজনৰ পৰা আন এজনলৈ অতি সহজতে সংক্ৰমণ হয় এই ভাইৰাছৰ৷ বৰ্তমানেও এই ভাইৰাছৰ কোনো চিকিৎসা বা দৰৱ ওলোৱা নাই৷ কিন্তু চীনৰ চিকিৎসকসকলে শংকিত নহ’বলৈ আহ্বান জনাইছে৷