Local, Vocal, Global

ডিগবৈত শিহৰণকাৰী ঘটনা

নিউজ ডেস্ক, ৫ জুলাই : অসমত পুনৰ সংঘটিত হৈছে গাৰ নোম সিহঁৰি যোৱা এক ঘটনা। তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈত এজন লোকক তেওঁৰ নিজৰ ডাঙৰ ভাতৃয়ে হত্যা কৰিছে।

সোমবাৰে নিশা বগাপানি চাহ বাগিচাত সংঘটিত হৈছে ঘটনা শিহৰণকাৰী ঘটনা।

মৃতব্যক্তিজনক এজন ইলিয়াছ ওৰাং বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি পাৰিবাৰিক সংঘৰ্ষৰ বাবেই ইলিয়াছ ওৰাং নামৰ ব্যক্তিজনক হত্যা কৰিলে তেওঁৰ ভাতৃ লুকাছ ওৰাংএ।

আনহাতে, লুকাছ ওৰাং নামৰ অভিযুক্তজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে ।