Local, Vocal, Global

ধুবুৰীৰ তামাৰহাটত গৰ্ভৱতী মহিলাক নৃশংসভাৱে হত্যা

নিউজ ডেক্স,৫ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাক চোকা অস্ত্ৰৰে হানি–খুচি হত্যা। ধুবুৰী জিলাৰ তামাৰহাটৰ চৰ গাঁৱত এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

সোমবাৰে নিশা এগৰাকী তিনিমহীয়া গৰ্ভৱতী মহিলাক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰি মৰাপাট খেতিৰ মাজত পেলাই থয় এক পাষণ্ডই। পুৱা স্বামী লাল চান্দ আলীয়ে ঘৈনীয়েকক দেখা নাপাই বিচাৰ খোচাৰ কৰি  মৰাপাট খেতিৰ মাজত পত্নী ৰহমতি খাতুনৰ মৃতদেহ উদ্ধাৰ কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। হত্যাৰ বলি হোৱা গৰ্ভৱতী মহিলা ৰহমতি খাতুনে লাল চান্দৰ লগত মাত্ৰ দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। হত্যাৰ সন্দেহত ৰাইজে কৰায়ত্ত কৰে মৃত ৰহমতি খাতুনৰ ভাই শহুৰ মূকবধিৰ জহিৰুল আলীক।

আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে ৰহমতি খাতুনৰ ভাই শহুৰ মূকবধিৰ জহিৰুল আলীক আটক কৰাৰ লগতে ৰহমতি খাতুনৰ স্বামী লালচান আলীক ঘটনা সংক্ৰান্তত আটক কৰে।