Local, Vocal, Global

দেশত মোদী চৰকাৰৰ নতুন নিয়ম

নিউজ ডেক্স,৫ জুলাই : মোদী চৰকাৰে দেশত আনিলে নতুন নিয়ম। হোটেল আৰু ৰেষ্টুৰেন্টে লব নোৱাৰিব কোনো ধৰণৰ ছাৰ্ভিচ চাৰ্জ ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। CCPA ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশ।

বহু হোটেল আৰু ৰেষ্টুৰেন্টে Service Chargeৰ নামত জনতাৰ পৰা লৈছিল ধন আৰু যাৰ বাবে হোটেল ৰেষ্টুৰেন্টত যোৱা লোক সকলে ভৰিব লাগিছিল অতিৰিক্ত ধন। কিন্ত এতিয়াৰে পৰা সেই অতিৰিক্ত ধন দিব নালাগে হোটেল আৰু ৰেষ্টুৰেন্টৰ লোক সকলক ।

কোনো হোটেল আৰু ৰেষ্টুৰেন্টে ছাৰ্ভিচ চাৰ্জ বিচাৰিলে দিব পাৰিব অভিযোগ। ১৯১৫ নম্বৰত ফোন কৰি হোটেল আৰু ৰেষ্টুৰেন্টৰ বিৰুদ্ধে দাখিল কৰিব পাৰিব অভিযোগ।