Local, Vocal, Global

বৰপেটাত শিহৰণকাৰী ঘটনা

নিউজ ডেস্ক, ২৩ জুন : সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা বানৰ বিভিষিকাৰ মাজতে বৰপেটা জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।

বানপানীৰ মাজতে বুধবাৰে নিশা অসমৰ বৰপেটা জিলাত এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

মৃত্যু হোৱা যুৱকজন বৰপেটা জিলাৰ গয়ানহাটি অঞ্চলৰ জ্যোতিকেশ গয়ন বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, যুৱৱকজনে তেওঁৰ ঘৰৰ ভিতৰত পানী সোমোৱাত ইনভাৰ্টাৰটোৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈছিল। আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।