Local, Vocal, Global

মেঘালয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত বন্দী

নিউজ ডেস্ক, ২৩ জুন : হত্যাৰ গোচৰত যাৱতজীৱন কাৰাদণ্ড ভোগ কৰি থকা বন্দীৰ ( prisoner) কাৰাগাৰৰ পৰা পলায়ন কৰা ঘটনাই Meghalayaত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, বুধবাৰে মেঘালয়ৰ জোৱাই জিলা কাৰাগাৰৰ পৰা হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা শ্বিনিংষ্টাৰ পালা নামৰ বন্দীজন পলাই যায়।

উল্লেখযোগ্য যে, এইবাৰ বন্দীজনে দ্বিতীয়বাৰৰ বাবে কাৰাগাৰৰ পৰা পলাই গৈছে। আনহাতে, সম্প্ৰতি পলাতক বন্দীজনক ধৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

দোষীজনে পূৰ্বে ২০১৭ চনৰ মে মাহত কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কিন্তু চুৰিৰ গোচৰত জড়িত থকাৰ বাবে তেওঁক অনুসৰণ কৰাৰ পিছত আটক কৰিছিল।