Local, Vocal, Global

এছিয়ান বডীবিল্ডিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব মণিপুৰৰ যুৱতীয়ে

নিউজ ডেস্ক, ২৩ জুন : মালদ্বীপত ১৫ ৰ পৰা ২১ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ৫৪ তম Asian Bodybuilding and Physique Sports Championship ২০২২ত ভাৰতক প্ৰতিনিধিত্ব কৰিব মণিপুৰৰ দুগৰাকী যুৱতীয়ে।

Solimla Jajo আৰু Solan Jajo নামৰ দুয়োগৰাকী খেলুৱৈ হৈছে মণিপুৰৰ উখৰুল জিলাৰ বাসিন্দা।

উল্লেখযোগ্য যে, চোলিমলাই ১৬৫ চেমি Senior Model Physique প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আনহাতে চোলানে ১৬০ চেমি ছিনিয়ৰ মডেল ফিজিক ইভেণ্টত অংশগ্ৰহণ কৰিব।

বডী বিল্ডাৰ এছ’চিয়েশ্যন অৱ উখৰুল ডিষ্ট্ৰিক্টে Body Builder’s Association of Ukhrul District (BBAUD) সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ফিটনেছ প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বাবে দুয়োগৰাকী যুৱতীৰ বাবে এক সম্বৰ্ধনা তথা আশীৰ্বাদ কাৰ্যসূচীৰ আয়োজন কৰে।