জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাৰ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ,মন্ত্ৰী সভাৰ নতুন মন্ত্ৰী

নিউজ ডেস্ক, ৮ জুন : মুখ্যমন্ত্ৰী শৰ্মাই মন্ত্ৰী সভাৰ বাবে নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিলে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (JayantaMallaBaruah) আৰু ডিমা হাচাওৰ বিধায়ক নন্দিতা গাৰ্লোচাৰ (Nandita Garlosa) নাম ঘোষণা কৰিছে।

বৃহস্পতিবাৰে (৯ জুন) আবেলি প্ৰায় ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ঘোষণা কৰিছিল যে অতি শীঘ্ৰে মন্ত্ৰীসভাৰ (cabinet) সম্প্ৰসাৰণ হ’ব আৰু যদিও শৰ্মা মন্ত্ৰী সভাত ৫টাকৈ মন্ত্ৰী পদ খালী আছে ইয়াৰে দুটা পদহে পুৰণ কৰা হব বুলি পূৰ্বে ঘোষণা কৰিছিল।