Local, Vocal, Global

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনি অসম সন্তান

নিউজ ডেক্স,২৮ জুন : ৰাষ্ট্ৰীয় টেলিভিছনত দুৰ্দান্ত নৃত্য প্ৰদৰ্শনে উজলিলে অসমৰ তিনি গৰাকিকৈ শিশু। ZEE TV ৰ ৰিয়েলিটি ‘শ্ব’ DID লিটল মাষ্টাৰ্ছ চিজন ৫ ৰ বিজয়ী মুকুট পিন্ধিলে অসমৰ তিনি শিশুৱে।

দেওবাৰে নিশা ঘোষণা কৰা ZEE TV ৰ DID লিটল মাষ্টাৰ্ছ চিজন ৫ৰ খিতাপ কৰিলে বোকাজানৰ নৱজিত নাৰ্জাৰিয়ে। প্ৰথম ৰানাৰ্চ আপ হ’ল গোগামুখৰ আপ্পুন পেগু আৰু দ্বিতীয় ৰানাৰ্চ আপ হ’ল চিলাপথাৰৰ আধ্যাশ্ৰী উপাধ্যায়।

অসমৰ এই তিনিও শিশুৰ নৃত্যত আপ্লুত হৈছিল DID ৰ বিচাৰক সকল।DID লিটল মাষ্টাৰ্ছ চিজন ৫ ৰ বিজেতা নৱজিৎ নাৰ্জাৰিয়ে লাভ কৰিলে ৫ লাখ টকা ।

আনহাতে আপ্পুন পেগু আৰু আধ্যাশ্ৰীয়ে লাভ কৰিছে ক্ৰমে ৩ লাখ আৰু ২ লাখকৈ টকা।দ্বিতীয় ৰানাৰ্চ আপৰ খিতাপ লাভ কৰা আঠ বছৰিয়া আপ্পুন পেগু জন্মলগ্নৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছে।

তথাপিও সকলো ধৰণৰ বাধাক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিন ‘শ্ব’ত জিলিকিল আপ্পুন। কনমানী তিনিওটি শিশুৰ এই বিজয়ত গৌৰৱান্বিত অসমবাসী।