Local, Vocal, Global

এখন ট্ৰাকৰ পৰা উদ্ধাৰ ৪৬ টা মৃতদেহ

নিউজ ডেক্স , ২৮ জুন : আমেৰিকাৰ টেক্সাছ প্ৰদেশৰ চান এন্টেনিঅ চহৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এখন ট্ৰাকৰ ভিতৰৰ পৰা একেলগে উদ্ধাৰ হৈছে ৪৬ টা মৃতদেহ।

১৮ চকীয়া ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে মৃতদেহকেইটা । উদ্ধাৰ হোৱা মৃতদেহবোৰ প্ৰব্ৰজনকাৰী লোক বুলি ধাৰনা কৰা হৈছে । আৰু ১৬ জনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

চিকিৎসালয়লৈ প্ৰেৰণ কৰা ১৬ জনৰ ভিতৰত ১২ জন প্ৰাপ্ত বয়স্ক লোক আৰু ৪ জন শিশু বুলি জানিব পৰা গৈছে।

চান এন্টেনিঅৰ দক্ষিণ-পশ্চিম দিশত ৰেল পথৰ কাষত পোৱা গৈছে গাড়ীখন। ঘটনা স্থলিৰ পৰা বাহনৰ চালকৰ সন্ধান চলাইছে সুৰক্ষাকৰ্মীসকলে। সম্প্ৰতি
বৃহৎসংখ্যক জৰুৰীকালীন উদ্ধাৰকাৰী কৰ্মীয়ে ঘেৰি ৰাখিছে ট্ৰাকখন।

এই ঘটনাৰ পাছত এতিয়া সমগ্ৰ চহৰ চিন্তিত হৈ পৰিছে । এই শিহৰণকাৰী ঘটনাৰ প্ৰকৃত ৰহস্য কি সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত।

ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে এই ঘটনাই ।

এই ঘটনাক বিভিন্ন জনে বিভিন্ন ধৰনে আখ্যা দিয়া পৰিলক্ষিত হৈছে আৰু বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।