Local, Vocal, Global

প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ
নলবাৰীত ব্ৰহ্মপুত্ৰত জাহ গ’ল এখন থানা

নিউজ ডেক্স , ২৮ জুন : অসমত বৰ্তমানেও অব্যাহত প্ৰলয়ংকাৰী বানৰ তাণ্ডব।

প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ। সকলোতে কেৱল বন্যাৰ্তৰ হাহাকাৰ। বহু অঞ্চল এতিয়াও পানীৰ মাজত। বানে উটুৱাই নিছে বহু মানুহৰ বাসগৃহ ।

ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীত ব্ৰহ্মপুত্ৰত জাহ গ’ল এখন থানা। নলবাৰীত চকুৰ পচাৰতে ব্ৰহ্মপুত্ৰত জাহ গ’ল আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা। প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায়

অৱশ্যে, গৰাখহনীয়াৰ আশংকাৰ পৰিপ্ৰেক্ষিতত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ। গতিকে তাত অকল আছিল দুমহলীয়া অট্টালিকাটো।