নগাঁও চহৰত দিনৰ পোহৰতে চোৰৰ চাফাই অভিযান

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে চোৰৰ চাফাই কাৰ্য্য ।
বিগত কেইবাদিনো ধৰি নগাঁও চহৰত অব্যাহত আছে চুৰৰ সন্ত্ৰাস ।
এইবাৰ নগাঁও চহৰত দিনৰ পোহৰতে চোৰে চলালে চাফাই অভিযান।
নগাঁৱৰ শিৱ নগৰত এঘৰত চোৰে চলালে চাফাই অভিযান। আৰু গৃহস্থৰ উমান পায় পলায় যায় চোৰটো।
কিন্তু, চি চি কেমেৰাত আৱদ্ধ হৈ ৰয় চোৰৰ চুৰি কাৰ্য্য ।
উল্লেখ্যযোগ্য যে, বিগত কেইবাদিনো ধৰি নগাঁৱত সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা । আনহাতে তাৰ পিছতো আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে।