Local, Vocal, Global

দৰঙত বৃদ্ধি পাইছে Japanese Encephalitis ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙত দৈনিক বৃদ্ধি পাইছে Japanese Encephalitis আৰু জাপানীজ এনকেফেলাইতিজ সদৃশ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা।

কেৱল দৰং জিলাতে বৰ্তমান সময়লৈকে ১৫ জন লোকৰ দেহত ধৰা পৰিছে এই ৰোগ।


ইয়াৰে ৫ জন জাপানীজ এনকেফেলাইটিছ ৰোগত আৰু বাকী ১০ জন Japanese Encephalitis সদৃশ ৰোগত আক্ৰান্ত হৈছে।


জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৪ জন GMCH চিকিসাধীন হৈ থকাৰ লগতে এজন মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিসাধীন হৈ আছে।


উল্লেখ্য যে, জাপানীজ এনকেফেলাইতিজ সদৃশ ৰোগত আক্ৰান্ত আঠ গৰাকী লোক বৰ্তমান সুস্থ হোৱাৰ বিপৰীতে ২ জন GMCH ত চিকিৎসাধীন হৈ আছে।