Local, Vocal, Global

হাইলাকান্দিত চৰকাৰী বিদ্যায়লত চোৰৰ চাফাই অভিযান

নিউজ ডেস্ক,২৯ এপ্ৰিল:- চোৰৰ টাৰ্গেত এতিয়া ঘৰ অথবা দোকান নহয় চোৰৰ টাৰ্গেত হৈছে এতিয়া চৰকাৰী বিদ্যালয় । এই চুৰি কাণ্ড সংঘটিত হৈছে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ উজানকুপা অঞ্চলৰ ১১২ নং দৰ্পনাৰায়ন নিম্ন প্ৰাথমিক বিদ্যায়লত ।

এই বিদ্যালয়খন পৰা চোৰে লুটি নিলে বিদ্যালয় পানী উটোৱা মটৰ লগতে আৰু বহু সামগ্ৰী। কেবল এই বিদ্যালয়ে নহয় এই অঞ্চলৰ বহু কেইখন বিদ্যায়লত চোৰে চলালে চাফাই অভিযান।

চোৰে লুটিলৈ গ’ল বিদ্যালয় খনৰ মুল্যবান বহু সামগ্ৰী। ইতিমধ্য ১১২ নং দৰ্পনাৰায়ণ নিম্ন প্ৰাথমিক বিদ্যালয় চোৰক ৰাইজে আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।

পিছত আৰক্ষীয়ে বিদ্যালয়ৰ পৰা চুৰি হোৱা মটৰ ও উদ্ধাৰ কৰে। আৰক্ষীলৈ ৰাইজৰ দাবী এই অঞ্চলত প্ৰতিদিনে কোনাবৰ ঘৰ দোকান চুৰি হৈ থাকে অতি সোনকালে এই অঞ্চলত আৰক্ষীয়ে পেট্ৰলিংগৰ ব্যবস্থা কৰি চুৰি কাণ্ড ৰোধ কৰাৰ দাবী জনাইছে।