Website Design: dastechnologies.in
দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ চৰাঞ্চলৰ উন্মুক্ত সীমান্তয়েদি বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত থকাৰ মাজতে সীমান্তত পহৰাৰত বি এছ এফ আৰু আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৭৪ টা গৰু-ম’হ উদ্ধাৰ কৰা বুলি জনা গৈছে। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানীৰ সুযোগ লৈ একাংশ চোৰাং গৰু সৰবৰাহকাৰী চোৰাং ব্যৱসায় চলাই নিবলৈ চেষ্টা কৰাৰ বিপৰীতে নদীৰ মাজৰ চকীৰ চৰ সীমান্ত সুৰক্ষা চকীৰ পহৰাৰত ৪১নম্বৰ বি এন বি এছ এফৰ জোৱানে যোৱানিশা বাংলাদেশলৈ চোৰাংকৈ চালান দিবলৈ লোৱা অৱস্থাত ৪৬টা গৰু উদ্ধাৰ কৰে। আনহাতে ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ মাজৰ নতুন দেৱানেৰ আলগা (NDA) সীমান্ত সুৰক্ষা চকীৰ পহৰাৰত ৪১নম্বৰ বি এন বি এছ এফৰ জোৱানে একে নিশাই বাংলাদেশলৈ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত ৭টা ম’হ আৰু ৩টা ষাঁড় গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে যোৱা নিশা ফকিৰগঞ্জ থানাৰ এলেকাৰ পৰা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে বাংলাদেশলৈ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত ১২টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু এটি গোচৰ ৰুজু হোৱাৰ বুলি জানিব পৰা গৈছে । তাৰোপৰি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত আৰক্ষীয়ে একে নিশাই বাংলাদেশলৈ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত ৬ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনকি বাংলাদেশলৈ গৰুৰ চোৰাং চালানত জৰিত থকাৰ অপৰাধত মনিৰ চৰ গাওঁৰ বদিউৰ জামান আৰু বাবৰ আলী নামৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 379/R-11/34 IPC R/W sec – 98/ICT rule & 411of PCA act 1960 ৰ অধীনত 223/2020 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে উদ্ধাৰ কৰা গৰু সমুহ বালাডোবা খোৱাৰাত ৰখাৰ বিপৰীতে বি এছ এফে নিজৰ – নিজৰ জিম্মাত গৰু – ম’হ সমুহ ৰখা বুলি জনা গৈছে।।