Local, Vocal, Global

পাষণ্ড নাতিয়েকে হত্যা কৰিলে আইতাকক

51

গোলাঘাটত ভূ-লন্ঠিত হ’ল মানৱতা আৰু মূল্যবোধ। কৰ’না সংক্ৰমণৰ ভয়াৱহতাৰ মাজতেই নাতিয়েকে হত্যা কৰিলে আইতাকক।পাষণ্ড নাতিয়েকে মৰিয়াই মৰিয়াই  হত্যা কৰিলে ৭০ বছৰীয়া আইতাকক।গোলাঘাটৰ শালমৰা নেপালী বস্তীত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। ড্ৰাগছ, মদত মতলীয়া হৈ নিজ আইতাকক শুই থকাৰ অৱস্থাত মৰিয়াই মৰিয়াই আহত কৰে অজয় সোণাৰ নামৰ পাষণ্ডটোৱে।মৃত আইতাকৰ নাম পদ্মমায়া সোণাৰ (৭০)। ড্ৰাগছ মদত আসক্ত অজয় সোণাৰে নিজ মাতৃক টকা বিচাৰি মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যকো আহত কৰে। ইমানতেই শান্ত নাথাকি আইতাকক শুই থকাৰ অৱস্থাত গুৰুত্বভাৱে প্ৰহাৰ কৰে আসুৰিক স্বভাৱৰ নাতিয়েক অজয় সোণাৰে (২৭)। গুৰুত্বভাৱে আহত আইতাকক ততালিকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দুৰ্ভগীয়া আইতাগৰাকীৰ।