Local, Vocal, Global

মাকুম লেচেঙ্কা বঙালী গাঁৱত নৃশংস হত্যাকাণ্ড

নিউজ ডেস্ক, ৮ এপ্ৰিল : তিনিচুকীয়া জিলাৰ মাকুম বাইপাছ সমীপৰ লেচেঙ্কা বঙালী গাঁৱত বৃহস্পতিবাৰে সংঘটিত হৈছে এক হত্যাকাণ্ড । লেচেঙ্কা বঙালী গাঁৱৰ নিবাসী পৰশুৰাম গড় ওৰফে পাগলা নামৰ ৩৬ বছৰীয়া যুৱক এজনক কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি লেচেঙ্কা বঙালী গাঁৱৰ নৰেন প্ৰধান নামৰ ব্যক্তি এজনৰ চুলাই-মদ বিক্ৰী কৰা দোকানৰ পাছফালে পেলাই থৈ যায়।

উল্লেখ্য যে, শুক্ৰবাৰে নৰেন প্রধানৰ পুত্ৰ প্ৰাঞ্জল প্ৰধানে মৃত দেহটো প্ৰত্যক্ষ কৰাত ততাতৈয়াকৈ মাকুম আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে, পৰিয়াল আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি পৰশুৰাম গড়ে মিথুন ভূমিজ আৰু সঞ্জীৱ কুৰ্মিক নিশা অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ চোৰাং ভাৱে কাটি থকাৰ অৱস্থাত প্রত্যক্ষ কৰাৰ পাছত বাক-বিতৰ্ক হোৱাৰ ফলত এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

এই ঘটনাৰ সন্দৰ্ভত মাকুম আৰক্ষীয়ে সঞ্জীৱ কুৰ্মিক নামৰ যুৱক জনক আটক কৰি সোধা-পোচাৰ বাবে মাকুম আৰক্ষী থানালৈ লৈ যায়।