Local, Vocal, Global

লংকাত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ লংকাত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড(massive fire)। লংকাৰ দৈনিক বজাৰত(daily market) সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত ২০০ৰ পৰা প্ৰায় ২৫০ খন মান দোকান জুইত জাঁহ যোৱা বুলি জানিব পৰা গৈছে।

হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰত পুৱতি নিশা এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত সম্পূৰ্ণ ৰূপে জাঁহ গ’ল দুই শতাধিকৰো অধিক বিপনী।

এই অগ্নিকাণ্ডৰ পিছতেই নিশাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰা হয়। লংকা, লামডিং, শংকৰদেৱ নগৰ, হোজাইৰ ১০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে।

এই অগ্নিকণ্ডৰ ফলত জুইত জাঁহ গ’ল প্ৰায় ৪ কোটি মান টকাৰ সম্পত্তি। কিদৰে এই জুইৰ সুত্ৰপাত হয় সেই সন্দৰ্ভত কোনো কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

ঘটনা সম্পৰ্কে হোজাই আৰক্ষীক খবৰ কৰা হৈছে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়ালেকে জানিব পৰা হোৱা নাই।