Local, Vocal, Global

The Prime Minister and the Home Minister have been called fools by Congress MLA : নগৰবেৰাত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক মুৰ্খ আখ্যা কংগ্ৰেছ বিধায়ক এ কে ৰছিদ আলমৰ


৮ফেব্ৰুৱাৰী ২০২৫,নগৰবেৰা: আমেৰিকাত থকা ভাৰতীয় অনুপ্ৰৱেশকাৰীক অমানৱীয়ভাৱে ভাৰতলৈ ঘুৰাই পঠোৱাক লৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক মুৰ্খ আখ্যা দিছে কংগ্ৰেছ বিধায়ক এ কে ৰছিদ আলমৰ । ভাৰতীয় নাগৰিকক কয়দীৰ দৰে ব্যৱহাৰ কৰাৰ পাছতো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত দুয়োজন ৰাষ্ট্ৰনেতাক মেকুৰীৰ সৈতে তুলনা কৰি আমেৰিকাৰ এই অমানৱীয় কাণ্ডক স্বাধীন ভাৰতৰ লজ্জাজনক ঘটনা বুলি অভিহিত কৰিছে বিধায়ক এ কে ৰছিদ আলমে । কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবেই মাৰ্কিন প্ৰশাসনে এনে ঘটনা সংঘটিত কৰাৰ সাহস পাইছে বুলি কটাক্ষ কৰে বিধায়ক গৰাকীয়ে।