Local, Vocal, Global

ভয়ংকৰ গৰাখহনীয়াৰ কবলত বৰপেটাৰ কাছুমাৰা ম’হচৰাৰ ৰাইজ…

ডিজিটেল ডেস্ক:- সমাগত বাৰিষা ৷ আৰু এটা বা দুটা মাহ পাছতে হব বানপানী।বাৰিষা অহাৰ বাবে দু চিন্তাত ভুগিছে বৰপেটাৰ কাছুমাৰা ম’হচৰাৰ নৈপৰীয়া ৰাইজ।কিয়নো বাৰিষা অহাৰ লগে লগেই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সূঁতি নৈ সমুহত আৰম্ভ হয় ভয়ংকৰ গৰাখহনীয়া।ইফালে যোৱাটো বাৰিষাৰ সময়ত গৰাখহনীয়াৰ ফলত কাছুমাৰা-মহচৰা পকী পথছোৱাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোৰ।
ইতিমধ্যে গৃহহাৰা হৈ পৰিছে শ শ পৰিয়াল।নদীৰ বুকুত বিলীন হৈছে অঞ্চলটোৰ অনুষ্ঠান প্ৰতিষ্ঠান।কিন্তু ইমানৰ পাছতো আজিলৈ লোৱা নহল খহনীয়া প্ৰতিৰোধৰ নূন্যতম ব্যৱস্থা।যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।চৰকাৰ কিম্বা জলসম্পদ বিভাগে নূন্যতম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ভুমিকাতো ক্ষুন্ন ভুক্তভোগী খহনীয়া গ্ৰস্ত ৰাইজ।প্ৰতিবছৰে বাৰিষাৰ সময়ত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱা কাছুমাৰা ম’হচৰা অঞ্চলত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।