ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত ৭ জন…

ডিজিটেল ডেস্ক :-ভয়ংকৰ পথ দুৰ্ঘটনা ।ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ।শুকুৰবাৰে হাৰিয়ানাৰ আম্বালা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় যাৰ ফলত ৭ জন লোক নিহত হোৱাৰ উপৰিও আন চাৰিজন আহত হয়।ঘটনাটো পঞ্চাকুলা-যমুনানগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়।জানিব পৰা মতে ট্ৰাকৰ চালকজনৰ টোপনি যোৱাৰ ফলতে বাছখনে খুন্দা মাৰিছিল।দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখন বিপৰীত দিশত ওলটি যায়।
উল্লেখ্য যে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ ওচৰৰ চিকিসালয়লৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে জানিব হিয়া অনুসৰি এখন বস্তু ভৰ্তি ট্ৰাকে বিপৰীত ফালৰ পৰা যোৱা এখন বাছত খুন্দা মাৰে।অৱশ্যে দুয়োখন বাহনৰ চালক বৰ্তমান বিপদমুক্ত।