Local, Vocal, Global

গুৱাহাটীত বৃদ্ধি পাইছে শ্বাস,প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা

ডিজিটেল ডেস্কঃ-গুৱাহাটীতৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।দিনক দিনে বৃদ্ধি পাইছে কাহ,জ্বৰ, চৰ্দি আৰু মূৰৰ বিষয়কে ধৰি বিভিন্ন ৰোগীৰ সংখ্যা।এনে পৰিস্থিত শিশুৰ শাৰীৰিক অৱস্থালৈ নামি আহিছে ভয়ানক বিপদ।কিয়নো এতিয়া শিশুৰ দৈনিক বৃদ্ধি পাইছে নানা ধৰণৰ ৰোগৰ সংখ্যা।

মহানগৰীৰ বিভিন্ন অঞ্চলৰ শিশুৰ মাজত দেখা গৈছে এতিয়াই শ্বাস,প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা।দৈনিক জি এম চি এইছলৈ ১০ ৰ পৰা ১৫ টাকৈ শিশুক ভৰ্তি কৰোৱা হয় বিভিন্ন শ্বাস,প্ৰশ্বাসজনিত কাৰণত।

জি এম চি এইছ ৰ কৰ্তৃপক্ষৰ মতে যোৱা কেই সপ্তাহত গুৱাহাটীত শিশুৰ মাজত ব্ৰঙ্কিওলাইটিছ,নিউমোনিয়া আৰু হাপানী দৰে বিভিন্ন শ্বাস,প্ৰশ্বাসজনিত ৰোগে দেখা দিছে।গুৱাহাটী মহানগৰীৰ প্ৰদূষিত বায়ুৱেই এই ৰোগৰ মূল কাৰণ।ক্ৰমাৎ জটিলতাৰ দিশলৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণে।

বায়ু প্ৰদূষণৰ কবলত পৰি গুৱাহাটীতৰ জনজীৱন এতিয়া কাহিল হৈ পৰিছে।মানুহে মাস্ক পিন্ধাটো অতি প্ৰয়োজন হৈ পৰিছে বুলি জনাইছে জি এম চি এইছৰ অধীক্ষক অভিজিত শৰ্মাই।শিশুসকলক ঘৰত ভিতৰতেই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।প্ৰয়োজন ন’হলে শিশুসকলক ঘৰৰ বাহিৰলৈ নুলিয়াবলৈ আহ্বান জনাইছে জি এম চি এইছৰ অধীক্ষক অভিজিত শৰ্মাই।উল্লেখ্যযে গুৱাহাটীৰ বায়ু গুণমান সূচাংকৰ ৩৫০ লৈ বৃদ্ধি পাইছে।যিটো অতি চিন্তনীয় বিষয় হৈ পৰিছে।