Local, Vocal, Global

মুম্বাইৰ কমলানগৰত ভয়ংকৰ অগ্নিকাণ্ড !

বুধবাৰে পুৱতি নিশা মুম্বাইৰ ধাৰাভীত ভয়ংকৰ অগ্নিকাণ্ড।উল্লেখ্য যে অগ্নিকাণ্ডত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ পোৱা নাই যদিও সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে ।পিটিআইয়ে জনোৱা অনুসৰি, ধাৰাভী অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ওচৰৰ কমলা নগৰ আৰু শ্বাহু নগৰ অঞ্চলত পুৱা প্ৰায় ৪:১৫ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ধাৰাভীৰ এই অংশটোত গুদাম আৰু ৰিচাইক্লিং গোটৰ দ্বাৰা জনবসতিপূৰ্ণ। শ্ৰমিকসকলে এই গুদামৰ ভিতৰত বাস কৰে যদিও আঘাত বা মৃত্যুৰ কোনো খবৰ এতিয়ালৈ পোৱা হোৱা নাই। উল্লেখ্য যে বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ বাবে কমেও ১২ টা অগ্নি নিৰ্বাপক ইঞ্জিন, আঠখন পানীৰ টেংকাৰ আৰু অন্যান্য অগ্নি নিৰ্বাপক বাহিনীৰ বাহন নিয়োজিত হৈ আছে।