Local, Vocal, Global

দেশত সংখ্যা বাঢ়িছে ধৰ্মীয় গুৰুৰ; হিন্দু ধৰ্মীয় গুৰুৰ বিৰুদ্ধে আছে ভয়ংকৰ অভিযোগ !

ডিজিটেল ডেস্কঃ-৮০ৰ দশকৰ পিছত ভাৰতত বহুকেইগৰাকী ধৰ্মীয় তথা আধ্যাত্মিক গুৰু জনপ্ৰিয় হৈ উঠিছল। কেৱল জনপ্ৰিয়তাই নহয়, তেওঁলোক বহুকেইজনৰ এক অনুষ্ঠানলৈ উত্তৰণ হৈছে। সেইসকলৰ ভিতৰত অচো, ৰবিশংকৰ, বি কে শিবাং, স্বামী জ্ঞানবতসল উল্লেখযোগ্য। কিন্তু ইয়াৰ বিপৰীতে আন একাংশ ধৰ্মীয় গুৰু তথা বাবাই কলংকিত কৰিছে হিন্দু ধৰ্মৰ ঐতিহ্য, পৰম্পৰা আৰু পৱিত্ৰতা। কিন্তু কিয়? আৰু এইসকলৰ আঁৰত থকা শক্তি কি?
হিন্দু ধৰ্ম আৰু ভাৰতীয় সভ্যতাক কলংকিত কৰা এগৰাকী বিতৰ্কিত ধৰ্মীয় গুৰু তথা বাবা হৈছে আচাৰাম বাপু। ৭৬ বছৰীয়া এই তথাকথিত ধৰ্মীয় গুৰুৰ প্ৰকৃত নাম আচুমল শিৰুমালানী। আচাৰাম বাপুৰ আশ্ৰমত বহু অনৈতিক আৰু অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ আছে আৰু তাৰ প্ৰামাণিক তথ্যও লাভ কৰিছে আৰক্ষীয়ে। এওঁৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ অন্যতম হৈছে ধৰ্ষণ আৰু হত্যা। ভাৰতত ধৰ্মীয় ব্যৱসায় চলাই কোটি কোটি টকা উপাৰ্জন কৰা আন এগৰাকী তথাকথিত ধৰ্মীয় গুৰু ৰাধেমা। অলপতে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাধেমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। ৰাধেমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ অন্যতম হৈছে নাৰী সৰবৰাহ আৰু বেশ্যা বৃত্তিৰ প্ৰচলন। এইগৰাকী মহিলা ধৰ্মগুৰুৱে তেওঁৰ আশ্ৰমত থকা যুৱতীসকলক দেহ ব্যৱসায়ত জড়িত কৰাৰ অভিযোগ আছে।
বিভিন্ন অপৰাধ আৰু অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগ আছে শশীদানন্দ গিৰিৰ বিৰুদ্ধে। এইগৰাকী ধৰ্মীয় বাবাৰ ছত্ৰছায়াত চোৰাং গাড়ীৰ ব্যৱসায় চলে বুলিও বাতৰি প্ৰকাশিত হৈছে সংবাদ মাধ্যমত। শশীদানন্দ গিৰিৰ আশ্ৰমত ৰহস্যজনকভাৱে মৃত্যু হৈছিল দুগৰাকী অনুগামীৰ। এই লোক দুগৰাকীৰ হত্যাৰ আঁৰত শশীদানন্দ গিৰি জড়িত বুলি অভিযোগ উঠিছে।
আন এগৰাকী বিতৰ্কিত ধৰ্মীয় গুৰু গুৰমিত সিং ওৰফে দেৰা চাচা। দেৰা চাচাৰ বিৰুদ্ধেও উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ ভিতৰত অন্যতম হৈছে অবৈধ অস্ত্ৰ-শস্ত্ৰৰ মজুতকৰণ আৰু ব্যৱসায়। তেওঁ AK47ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰৰ ব্যৱসায়ত জড়িত বুলিও অভিযোগ আছে।আন এগৰাকী বিতৰ্কিত ধৰ্মীয় গুৰু স্বামী ওমজী ওৰফে বিনোদ নন্দন ঝা। এইগৰাকী ধৰ্মীয় গুৰুৱে গাড়ী চুৰি চক্ৰৰ ছিণ্ডিকেট চলাই বুলি অভিযোগ আছে। উত্থাপিত অভিযোগ অনুসৰি স্বামী ওমজীয়ে তেওঁৰ অনুগামী একাংশ শিষ্যৰ সহায়ত ৰাজধানী দিল্লীৰ লগতে বৃহত মহানগৰসমূহৰ পৰা গাড়ী চুৰি কৰি সেই গাড়ী জম্মু কাশ্মীৰ উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশত বিক্ৰী কৰে। একেদৰে বিভিন্ন অপৰাধৰ সৈতেও এইগৰাকী ধৰ্মীয় গুৰু জড়িত থকাৰ অভিযোগ আছে। নিজস্ব ছেটেলাইট চেনেলৰ ব্যৱস্থা থকা বাবা নিৰ্মলজিৎ সিং। নিৰ্মল বাবা হিচাপে পৰিচিত এইগৰাকী ধৰ্মীয় গুৰু বহু হাজাৰ কোটি টকাৰ গৰাকী বুলিও পৰিচয় আছে। তাৰ সমান্তৰালভাৱে এইগৰাকী ধৰ্মীয় বাবাই তেওঁৰ নিৰ্মল দৰবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোকৰ পৰা ২০০০ টকাকৈ বৰঙণি সংগ্ৰহ কৰে। চৰকাৰীপক্ষৰে অতি সুসম্পৰ্ক থকা বুলি দাবী কৰি নিৰ্মল বাবাই ব্যৱসায়-বাণিজ্য, ঠিকা-ঠুকলি আদিৰ ব্যৱস্থা কৰি দিয়াৰ বাবদ বহু লোকৰ পৰা কোটি কোটি টকা আদায় কৰাৰো অভিযোগ আছে।
বিভিন্ন অপৰাধ, অসামাজিক কাৰ্যকলাপ, অনৈতিক কাৰ্যকলাপ আৰু সংবিধানবিৰোধী কাৰ্যকলাপত জড়িত থকাৰো অভিযোগ আছে অন্য বহুকেইগৰাকী ধৰ্মীয় বাবাৰ বিৰুদ্ধে। সেইসকলৰ ভিতৰত ইচ্ছাধাৰী ভীমানন্দ ওৰফে শিৱমুৰ্তি দ্বিবেদী। অভিযোগ অনুসৰি শিৱমূৰ্তি দ্বিবেদীৰ শৈশৱ আৰু যৌৱন বহু অপৰাধৰ সৈতে জড়িত। তেওঁ ১৮ বছৰ বয়সত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত হৈছিল। স্বামী অসীমানন্দ। স্বামী অসীমানন্দৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ ভিতৰত হৈছে ধৰ্ষণ আৰু নাৰী সৰবৰাহৰ ব্যৱসায়। ঠিক একেদৰে বাবা নাৰায়ণ ছাই, বাবা আচাৰ্য কুসুমী আৰু বাবা বৃহস্পতিগিৰি নামৰ তথাকথিত ধৰ্মীয় গুৰুকেইগৰাকীৰ বিৰুদ্ধেও আছে বহু গুৰুতৰ অভিযোগ। কিন্তু তৎস্বত্বেও এইসকল লোকৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা কম হোৱা নাই। বৰং বিভিন্নক্ষেত্ৰত দেখা গৈছে এইসকল লোকৰ সান্নিধ্য পাবলৈ বা তেওঁলোকৰ আশিসধন্য হবলৈহে উত্তাবল হৈছে লক্ষ লক্ষ অনুগামী। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় যে এই বাবা তথা ধৰ্মীয় গুৰুসকলৰ আঁৰত কোনো বৃহত ৰাজনৈতিক শক্তি আছে নেকি। নে তেওঁলোকে কোনো বৃহত শক্তিৰ এজেণ্টৰূপে কাম কৰি কেৱল হিন্দু ধৰ্মকে নহয়, ভাৰতীয় সভ্যতাকো বিশ্ব মানসত কলংকিত কৰিব লাগিছে প্ৰতিনিয়ত।