Watch | The newly appointed Atani Block Congress Committee President Mostafizur Rahman was warmly welcomed: নব নিযুক্ত আটানি ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি মোস্তাফিজুৰ ৰহমানক উষ্ণ আদৰণি
গৌৰীপুৰ: নৱ নিযুক্ত আটানি ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি মোস্তাফিজুৰ ৰহমানক উষ্ণ আদৰণি । গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন গাওঁ পঞ্চায়তৰ পৰা কংগ্ৰেছ কৰ্মীয়ে বিশাল বাইক ৰেলিৰে বিলাসীপাৰাৰ বাঙালীপাৰাৰ পৰা গৌৰীপুৰ লৈ যাত্ৰা কৰে কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।
নৱ নিযুক্ত সভাপতি মোস্তাফিজুৰ ৰহমানে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভুপেন বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰি কয় যে -মোক যি গুৰু দায়িত্ব অৰ্পণ কৰিলে, আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত সকলো দলীয় কৰ্মকৰ্তা লগত লৈ আগন্তুক পঞ্চায়ত দখল কৰিম বুলি মন্তব্য কৰে নৱ নিযুক্ত সভাপতি গৰাকীয়ে। সভাপতি গৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সেৱা দ’ল সাধাৰণ সম্পাদক আতোৱাৰ হুছেইন লগতে শ শ কংগ্ৰেছী সকলে।