আজি ঘোষণা কৰা হব দেশৰ পৰবৰ্তী ৰাষ্ট্ৰপতিৰ নাম

নিইজ ডেক্স, ২১ জুলাই : আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা। মুঠ ৩১টা কেন্দ্ৰত হোৱা ভোটদানৰ পিছত বেলট বাকচ দিল্লীলৈ অনা হৈছে।
আজি পুৱা ১১ বজাৰ পৰা সংসদ ভৱনত অনুষ্ঠিত হ’ব ভোট গণনা।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিগত ১৮ জুলাইত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সংসদ ভৱনকে ধৰি ৩১ টা স্থানত আৰু ৰাজ্যিক বিধানসভাৰ ভিতৰত ৩০ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
লোকসভা আৰু ৰাজ্যসভা দুয়োটা ৰ সাংসদ, মনোনীত সাংসদৰ বাহিৰে, সকলো ৰাজ্যবিধানসভাৰ বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচক হিচাপে অংশগ্ৰহণকৰিছিল।
৭৭৬ জন সাংসদ আৰু ৪০৩৩ জন নিৰ্বাচিত বিধায়কৰ সৈতে মুঠ ৪৮০৯ জন ভোটাৰে নিৰ্বাচনত ভোটদান কৰিছিল।
NDA ৰ পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আৰু UPA ৰ সমৰ্থিত প্ৰাৰ্থী যশৱন্ত সিনহাই এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।
বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। আৰু ২৫ জুলাইত শপত গ্ৰহন কৰিব দেশৰ নতুন ৰাষ্ট্ৰপতিয়ে ।
কোন হ’ব দেশৰ ১৫ তম ৰাষ্ট্ৰপতি আৰু কাৰ অধিনত আহিব ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব তাক লৈ দেশবাসীয়ে অপেক্ষা কৰিছে।