Local, Vocal, Global

সলনি হ’ল দিল্লীৰ শতিকাগৰকা ‘ৰাজপথ’ৰ নাম

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : নতুন দিল্লীৰ ‘ৰাজপথ’ৰ নামটো সলনি কৰি বুধবাৰে ‘কৰ্তব্য পথ’লৈ পুনৰ নামকৰণ কৰা হৈছে।

পূৰ্বে সম্ৰাট পঞ্চম জৰ্জৰ সন্মানাৰ্থে পথটিৰ নাম ৰখা হৈছিল ‘কিংছ-ৱে’। আৰু ভাৰতে স্বাধীনতা লাভৰ পাছতেই পথটিৰ নাম সলনি কৰি ৰখা হৈছিল ‘ৰাজপথ ।

বাতৰি অনুসৰি, নতুন দিল্লী পৌৰ পৰিষদে ৰাজপথক ‘কৰ্তব্য পথ’ হিচাপে পুনৰ নামাকৰণ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

উল্লেখ্য যে, প্ৰস্তাৱটো গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত হৈছিল।

লোকসভাৰ সাংসদ তথা NDMCৰ সদস্য মীনাক্ষী লেখিয়ে কয়, “আজি বিশেষ পৰিষদৰ বৈঠকত ৰাজপথৰ নাম কৰ্তব্য পথ হিচাপে নামাকৰণ কৰাৰ প্ৰস্তাৱত আমি অনুমোদন জনাইছো।”

NDMCৰ উপাধ্যক্ষ সতীশ উপাধ্যায়ে কৈছিল যে ইণ্ডিয়া গেটৰ নেতাজী প্ৰতিমূৰ্তিৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে সমগ্ৰ পথ আৰু অঞ্চলটো এতিয়াৰ পৰা ‘কৰ্তব্য পথ’ হিচাপে পৰিচিত হ’ব।