Local, Vocal, Global

মৰিগাঁৱত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱস পালন

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : আজি আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ সংগতি ৰাখি নগাঁও লোকসভা সমষ্টি ৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ দ্বাৰা মৰিগাঁও, নগাঁও আৰু হোজাইত তিনিশ বিধ অসমৰ থলুৱা প্ৰজাতিৰ গছ পুলি ৰোপন কৰে।

পৃথিৱীত দিনক দিনে বৃদ্ধি পোৱা গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু অসমৰ থলুৱা গছ গছনি ৰক্ষা কৰি যুৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ মানসেৰে সাংসদ প্ৰদ্যুত বৰদলৈৰ তৎপৰতাত মৰিগাঁও যুৱ কংগ্ৰেছৰ সহযোগত মৰিগাঁও চাৰন বিল পাৰত শতাধিক গছপুলি ৰোপণ কৰে।


উক্ত কাৰ্য্যসূচীত উপস্থিত আছিল সাংসদ গৰাকীৰ দিল্লীস্থ সংসদীয় সচিব এভিটা সিং, মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শচী মোহন বিশ্বাস, মৰিগাঁও যুৱ কংগ্ৰেছৰ সভাপতি হৰ্ষ বৰদলৈৰ লগতে জিলা কংগ্ৰেছৰ বহু বিষয়া কৰ্মী।