Local, Vocal, Global

জনপ্ৰিয় ইউটিউবাৰৰ প্ৰিয়লিনাৰ ৰহস্যজনক মৃত্যু !

এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু।গুৱাহাটীৰ ভাড়াঘৰত মৃত্যু ইউটিউবাৰ গৰাকীৰ। ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই।

ইউটিউবৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ দেহত দেখা গৈছে কেইবাটাও আঘাতৰ চিন।আৰক্ষীৰ গৈ পোৱাৰ পূৰ্বেই নমাই অনা হৈছিল মৃতদেহ।

তিনিমাহ পূৰ্বে ‘ক’ৰ্ট মেৰিজ’ হৈছিল প্ৰিয়লিনাৰ। জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে হৈছিল আইনী বিবাহ।বিয়া হোৱা বিষয়টো লুকুৱাই ৰাখিছিল প্ৰিয়লিনাই।

পংকজ নাথৰ ভাড়াঘৰতে উদ্ধাৰ হয় প্ৰিয়লিনাৰ মৃতদেহ। কিন্তু এতিয়া এই ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ।প্ৰিয়লিনাৰ মৃত্যুৰ খবৰ দিয়া হোৱা নাছিল পিতৃ–মাতৃক।

খবৰ নিদিয়াকৈ যুৱতীগৰাকীৰ মৃতদেহ শেষকৃত্য কৰাৰ চেষ্টা কৰা হৈছিল পংকজে ।পংকজৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে প্ৰিয়লিনাৰ পৰিয়ালে।

ইতিমধ্যে চানমাৰি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পংকজ নাথক। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শেষকৃত্য সম্পন্ন কৰা হয় যুৱতীগৰাকীৰ।

উল্লেখযোগ্য যে বামুণীমৈদামত আছে পংকজ নাথৰ এখন ফাৰ্মাচী। প্ৰিয়লিনা নাথৰ ইউটিউব চেনেলটোৰ ১লাখ চাবক্ৰাইবাৰ হৈছিল।যাক লৈ অতি আনন্দিত হৈছিল প্ৰিয়লিনা।এনে কি কাৰণ আছিল যে যুৱতী গৰাকী আত্মহত্যা কৰিলে।
প্ৰিয়লিনাৰ মৃত্যুৱে এতিয়াই ৰহস্যৰ সৃষ্টি কৰিছে।আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।