আৱতৰীয়া বানে মাতি আনিছে কৃষকৰ দূৰ্দিন, বুৰাই গৈছে শ শ বিঘা ধাননি পথাৰ

নিউজ ডেস্ক ১১ এপ্ৰিল : আৱতৰীয়া বানত বুৰ গৈছে শ শ বিঘা ধাননি পথাৰ। ৰাজ্যৰ দৰিদ্ৰ কৃষকৰ সমুখত এতিয়া বিপৰ্যয়ে গা কৰি উঠিছে ৷
পানীৰ তলত ডুৱ গল শ শ বিঘা ধাননি পথাৰ। আৱতৰীয়া বানত ডুৱ গ’ল নগৰবেৰাৰ অঞ্চলৰ কৃষকৰ শ শ বিঘা ধাননি পথাৰ ৷
বছৰৰ প্ৰথমটো বানে বুৰাই নষ্ট কৰি পেলালে নগৰবেৰা, জামলাই, কল্যাণপুৰ, বিদ্যানগৰৰ দৰিদ্ৰ কৃষক ৰাইজৰ বিঘাই বিঘাই খেতি ৷ অতি কষ্টৰে কৰা ধান খেতি হঠাৎ আৱতৰীয়া বানে বুৰাই পেলোৱাত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে দৰিদ্ৰ কৃষকৰ মাজত।
একমাত্ৰ ইৰিধানৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল এইসকল কৃষক এতিয়া পৰিয়াল পোহপাল কেনেকৈ দিব আৰু বেংক ঋণ পৰিশোধ কেনেকৈ কৰিব সেই লৈ গভীৰ চিন্তাত পৰিছে কৃষকসকল ৷ সেয়ে উপায়বিহীন হৈ চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাই অঞ্চলটোৰ কৃষকসকলে।
উল্লেখযোগ্য যে,সাঁচতীয়া ধন ব্যয় কৰাৰ লগতে বহু দৰিদ্ৰ কৃষকে বেংকৰ পৰা ঋণ লৈ কৰিছিল খেতি হঠাৎ আৱতৰীয়া বান আহি বুৰাই পেলোৱাত এক প্ৰকাৰ দুচিন্তাত পৰিছে কৃষক সকল ৷