Local, Vocal, Global

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(murder)। বিগত ২৪ ঘণ্টাত দ্বিতীয়টো চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

দেওবাৰেও মহানগৰীৰ বৰাগাঁৱৰ হৰেশ্বৰ বসুমতাৰী পথত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই অজিত চেতিয়া নামৰ এজন লোকক ঘৰৰ ভিতৰতে মূৰত গুলিয়াই(firing) হত্যা কৰি থৈ যায়।

সোমবাৰেও বামুণীমৈদামৰ শিতলাবাৰীত সংঘটিত হয় এক হত্যাকাণ্ড। ৰে’ল বিভাগৰ কৰ্মচাৰী কাজল চন্দ্ৰ দাসক হত্যা কৰে দুৰ্বৃত্তই। হত্যা কৰি পেলাই থৈ গ’ল ৰে’ল বিভাগৰ কৰ্মচাৰীক।

বামুণীমৈদামৰ বিজি কলনীৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহটো। ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰে কাজল চন্দ্ৰ দাসৰ মৃতদেহ।

জানিব পৰা মতে, দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল কাজল চন্দ্ৰ দাস। এই ঘটনা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।