Local, Vocal, Global

ইউক্ৰেইনৰ নিপৰো বিমানবন্দৰ সম্পুৰ্ণৰূপে বিধ্বস্ত ৰাছিয়াৰ ৰকেট আক্ৰমণত

নিউজ ডেস্ক , ১১ এপ্ৰিল: ইউক্ৰেইনৰ নিপৰো বিমানবন্দৰত আক্ৰমণ ৰাছিয়াৰ। এই আক্ৰমণত সম্পুৰ্ণৰূপে ধ্বংস হোৱা পৰিলক্ষিত হৈছে নিপৰো বিমানবন্দৰ।ৰাছিয়াৰ বায়ু সেনা বাহিনীৰ ভয়াবহ ৰকেট আক্ৰমণত সম্পুৰ্ণৰূপে ধ্বংস হৈ পৰে নিপৰো বিমানবন্দৰ।

ৰাছিয়াৰ বায়ু সেনা বাহিনীয়ে নেইপাৰ নদীৰ পাৰত অৱস্থিত নিপৰো চহৰত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তোলে আৰু ৰাছিয়াৰ বায়ু সেনা বাহিনীৰ আক্ৰমণত চহৰখনৰ বিমান বন্দৰৰ লগতে অইন গুৰুত্বপূৰ্ণ ঠাইসমূহো ধ্বংস হৈ পৰে।

ৰাছিয়াৰ ৰকেট আক্ৰমণৰ ঘটনাই ইউক্ৰেইনৰ নিপৰো বিমান বন্দৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে চহৰখনৰ জৰুৰীকালীন সেৱা সমূহো ক্ষতিগ্ৰস্ত হৈ পৰে।

উল্লেখ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই ৪৩ টা দিন সম্পূৰ্ণ হ’ল আৰু এই দীঘলীয়া যুদ্ধত ৰাছিয়াই ইউইক্ৰেইনৰ বহু অঞ্চল নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।

আনপিনে, ৰাছিয়াৰ আক্ৰমণৰ মাজতে য়ুনাইটেড কিংদমৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ইউক্ৰেইন ভ্ৰমণ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বৈঠকত ভাগ লোৱাৰ লগতে কীয়েভৰ ৰাজপথতো দুয়োজন ৰাষ্ট্ৰপ্ৰধানক দেখা যায়।

জানিব পৰা মতে, ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ চহৰ মাৰিঅ’পলোক ৰাছিয়াৰ সৈন্যই আক্ৰমণ চলাই ইউক্ৰেইন দখল কৰি ৰাছিয়াৰ পতাকা উত্তোলন কৰে।