নতুন শিক্ষানীতিৰ আধাৰত কাইলৈৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা…

কাইলৈৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।এইবাৰ নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।নতুন শিক্ষানীতিৰ আধাৰত আনিছে এইবাৰ বহু কেইটা পৰিৱৰ্তন।চাৰিটা বিষয়ত পৰিৱৰ্তন আনিছে SEBAই।চাৰিটা বিষয়ত দুখনকৈ হ’ব উত্তৰ বহী।গণিত,ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত আনিছে পৰিৱৰ্তন।প্ৰথমখন হ’ব ৮ পৃষ্ঠাৰ বস্তুনিষ্ঠ প্ৰশ্নকাকত আৰু দ্বিতীয়খন হ’ব ১৬ পৃষ্ঠাৰ বৰ্ণনাত্মক প্ৰশ্নকাকত।বাকী বিষয়ত কোনো পৰিৱৰ্তন অনা নাই।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ’ব ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী।৩মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।এইবাৰ অসমৰ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।