শনিবাৰৰ পৰা কাজিৰঙাত দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা

নিউজ ডেস্ক, ৯ এপ্ৰিল : বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা। বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখনত বন শিবিৰ এলেকাত এছিয় ম’হৰ গণনা কৰিব বন কৰ্মীসকলে । ম’হ গণনা কৰিবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনো খণ্ডত বিভক্ত কৰা নাই বুলি জনায় উদ্যানৰ কৰ্তৃপক্ষই ।

এইবাৰ কিছু আগতীয়াকৈ বাৰিষা অহাত উদ্যানখনৰ বহু এলেকা পানী আৰু বোকাময় হৈ পৰিছে। আনহাতে ম’হ গণনা কৰিবলৈ হাতীৰ প্ৰয়োজন যদিও পর্যাপ্ত সংখ্যক পোহনীয়া হাতী নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত । এইবোৰকে ধৰি বিভিন্ন অসুবিধাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বন শিবিৰৰ বনকৰ্মীয়ে নিজ নিজ এলেকাত পৰ্যবেক্ষণ কৰি ম’হ গণনা কৰিব।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত ২০০৭ চনত গণনা কৰি ১৯৩৭ টা এছিয় ম’হ পোৱা গৈছিল। সুদীৰ্ঘ ১৫ বছৰৰ অন্ততঃ পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ম’হ গণনা কৰিবলৈ লোৱাত পূৰ্বৰ তুলনাত দুগুন হাৰত ম’হ সংখ্যা বৃদ্ধি পাব বুলি উদ্যান কৰ্তৃপক্ষই আশা কৰিছে।