Local, Vocal, Global

গুৱাহাটীত আজিৰে পৰা কমনৱেলথ পাৰ্লিয়ামেণ্টৰি সংসদীয় সংস্থাৰ সভা, উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা

ডেস্ক,৯ এপ্ৰিলঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কমনৱেলথ পাৰ্লিয়ামেণ্টৰি সংস্থাৰ মধ্য বাৰ্ষিকী সভা অনুষ্ঠিত হয়। অসমত প্ৰথমবাৰৰ বাবে কমনৱেল্থ পাৰ্লিয়ামেণ্টৰি সভা অনুষ্ঠিত হয়।

এই বৈঠকত অংগ্ৰহণ কৰাৰ উদ্দেশ্যে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ৫ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয়।
ব্ৰিটিছৰ অধীনত থকা মুঠ ৫৩ খন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব সভাত।

শনিবাৰে পুৱাই অসম বিধানসভাৰ প্ৰাংগনত উপস্থিত হোৱা ওম বিৰলাক স্বাগতম জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৫৩ খন দেশৰ প্ৰতিনিধিয়ে।

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠকত ভাগ লৈ লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়- ভাৰতৰ গণতান্ত্ৰিক মূল্য়বোধ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সমৰ্থক সমগ্ৰ বিশ্বত সিচৰিত হৈ আছে। মই সুখী প্ৰকাশ কৰিছো যে, কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠক প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে।

লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে অসমৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বিৱৰণো অনুষ্ঠানটিত দাঙি ধৰে ওম বিৰলাই। ৫৩খন দেশৰ প্ৰায় ১৮০গৰাকী প্ৰতিনিধিক উদ্দ্যেশি কয়- কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যনে সকলো কাম আলোচনাৰ মাধ্যমৰে কৰি আহিছে।

গণতন্ত্ৰত বিশ্বাস ৰাখিয়েই সকলো একত্ৰিত হৈছে। বিশেষকৈ ভাৰতৰ গণতান্ত্ৰিক ব্য়ৱস্থাৰ প্ৰতি সকলো আকৰ্ষিত। বিশ্বৰ ভিতৰতে ভাৰতেই হৈছে সবাতোকৈ প্ৰাচীনতম গণতান্ত্ৰিক শাসন ব্যৱস্থা। প্ৰতিজন নাগৰিকৰ আচাৰ-ব্যৱহাৰত এই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰকাশ পায়।