Local, Vocal, Global

কংগ্ৰেছে উত্তৰ–পূবক ATMৰ দৰে ব্যৱহাৰ কৰিছিল;আগতে প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা এক টকা পঠিয়ালে ৰাইজে ১৫ পইছাহে পাইছিল :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ডিজিটেল ডেস্ক:-আজি নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।নিৰ্বাচনৰ প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।নাগালেণ্ডৰ ছুমুকেডিমাৰ এগ্ৰি এক্সপ’ফিল্ডত শাসকীয় NDPP-BJP হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনৰ প্ৰচাৰ ।নাগামিজ ভাষাৰে সম্বোধন কৰি মোদীয়ে আৰম্ভ কৰে ভাষণ।নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ মোদীয়ে কয়, ‘‘নাগালেণ্ডত NDPP আৰু BJPৰ চৰকাৰ চলি আছে৷ বিশ্বাস আৰু উন্নয়নৰ লহৰ চলি আছে৷ কংগ্ৰেছে ভোট পাই পাহৰি যায়৷ দিল্লীৰ কংগ্ৰেছৰ নেতাই নাগালেণ্ডক নাজানে৷ কংগ্ৰেছে নাগালেণ্ডক দিল্লীৰ পৰা ৰিম’ট কন্ট্র’লেৰে চলাইছিল৷
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কংগ্ৰেছে পাপৰ ফল পাইছে৷ আমি ৰাজনৈতিক পৰিৱেশ সলনি কৰিলো৷ কংগ্ৰেছে উত্তৰ–পূবক ATMৰ দৰে ব্যৱহাৰ কৰিছিল৷ কংগ্ৰেছৰ আগৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা এক টকা পঠিয়ালে ৰাইজে ১৫ পইছাহে পাইছিল কিন্তু এতিয়া পোনপটীয়াকৈ ৰাইজে টকা পায় অনলাইন যোগে৷ মাজত কোনো টকা খাব নোৱাৰে এতিয়া৷লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘‘আমি কংগ্ৰেছৰ দৰে উত্তৰ–পূবৰ আঠ ৰাজ্যক ATM বুলি নাভাবো৷ আমি উত্তৰ–পূবৰ আঠ ৰাজ্যক অষ্ঠলক্ষ্মী হিচাপে মানো। বিগত আঠ বছৰত বহুবাৰ আপোনালোকৰ মাজলৈ আহিছো৷ হৰ্ণবিল উৎসৱৰ ধ্বনি এতিয়াও আমি শুনা পাওঁ৷ নাগালেণ্ডৰ BJP দলে বহু ভাল কাম কৰি আছে৷ নাগালেণ্ড BJPৰ সভাপতি টেমজেন ইম্না আলঙৰ কথা দেশবাসীয়ে আজি শুনে৷ ময়ো ছচিয়েল মিডিয়াত টেমজেনক চাবলৈ সদায় চেষ্টা কৰো।ভাষণত প্ৰধানমন্ত্ৰীয়ে নগা জলকীয়াৰ কথাও উল্লেখ কৰে। নগা জলকীয়াৰ বিশ্বজুৰি নাম আছে বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয়, ‘‘দেশ চলে দেশৰ ৰাইজক সন্মান কৰাৰ জৰিয়তে৷ আগতে দেশ চলিছিল ডিভিজন পলিটিক্সৰে৷ আমি ইয়াক ডিভাইনলৈ সলনি কৰি দিছো৷’’বিগত সময়ত বহু যুৱকে হিংসাৰ পথ এৰিছে বুলি ভাষণ উল্লেখ কৰি মোদীয়ে কয়, নাগালেণ্ডত বিগত সময়ত ৭৫ শতাংশ হিংসাত্মক ঘটনা কমিছে৷ AFSPA নাগালেণ্ডৰ কিছু ঠাইৰ পৰা আঁতৰোৱা হৈছে৷ AFSPA সম্পূৰ্ণকৈ আঁতৰাবলৈ আমি অহৰহ চেষ্টা কৰি আছো৷ নাগালেণ্ডলৈ ২০১৪ৰ তুলনাত এতিয়া দুগুণতকৈ বেছি টকা দিয়া হৈছে। নাগালেণ্ডক আৰু আগবঢ়াই নিব লাগিব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।