ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি দলে নিৰ্বাচনী আচৰণ ভংগ কৰাৰ অভিযোগ…

আজি ত্ৰিপুৰৰ বিধানসভাৰ নিৰ্বাচন।পুৱাৰে পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।৬০ খন আসনৰ বাবে ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহন আৰম্ভ হয়। নিৰ্বাচনৰ বাবে ৰাজ্যখনত মুঠ ৩,৩৫৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ জনসাধাৰণ অভিলেখ সংখ্যাক ভোট দিবলৈ আহ্বান জনাই।বিশেষকৈ যুৱক-যুৱতীসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী টুইটাৰযোগে আহ্বান জনাইছিল।আৰু এই আহ্বানৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ।
ত্ৰিপুৰাৰ নিৰ্বাচন চলি থকাৰ সময়তে টুইটাৰযোগে ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বাবন জনোৱাৰ বিৰুদ্ধে বিজেপি আৰু কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।জাননী অনুসৰি, বিজেপি আৰু কংগ্ৰেছে ১৯৫১ চনৰ Repewsentation of the people Act ৰ ১২৬(১)(B) ধাৰা ভংগ কৰাৰ বাবে দলটোৱে ইয়াৰ কাৰণ দৰ্শাব লাগিব।
বিজেপিৰলৈ প্ৰেৰণ কৰা জাননী উল্লেখ কৰা আছে যে বিজেপিয়ে ভোটগ্ৰহণ চলি থকাৰ সময়ত টুইটাৰযোগে ৰাইজক বিজেপিৰ সাপেক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছিল।সেয়েহে বিজেপি দলেও জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ১২৬ নম্বৰ ধাৰা উলংঘা কৰাৰ বাবে ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫বজাৰ ভিতৰত কাৰণ দৰ্শাব লাগিব।ইতিমধ্যেই শান্তি পূৰ্ণভাৱে অন্ত পৰিল ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।এভিএন বন্দী হ’ল ২৫৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।২ মাৰ্চতহে স্পষ্ট হ’ব কোনে কৰিব ত্ৰিপুৰাত শাসন।কাৰ হাতলৈ যাব ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী…