Local, Vocal, Global

টুইটাৰৰ নতুন CEO হ’ল এটা কুকুৰ; এলন মাস্কে ঘোষনা কৰিলে টুইটাৰৰ নতুন CEO

সাধাৰণতে মানুহে কুকুৰক এক বিশ্বাসী প্ৰানী হিচাপে ঘৰত পোহপাল কৰে। কুকুৰ হৈছে বিশ্বাসৰ প্ৰতীক। কুকুৰ হৈছে ঘৰচীয়া জীৱ৷ কিন্ত এই ঘৰচীয়া জীৱ বিধে লাভ কৰিলে এতিয়া উচ্চ আসন৷টুইটাৰৰ নতুন CEO হ’ল এটা কুকুৰ হয় ভাবিলে হয়টো আপুনিও আচৰিত হ’ব কিন্ত এয়া সত্য৷ টুইটাৰৰ মালিক ফ্লোকিক। টুইটাৰৰ নতুন ceo হিচাপে ঘোষনা কৰে ফ্লোকিক ৷ মাস্কে কয় ফ্লোকি হৈছে এটা প্ৰতিভাশালী কুকুৰ আৰু আন CEO ত কৈ বহু বেছি সক্ৰিয় ফ্লোকি।
টুইটাৰৰ স্বতাধিকাৰী এলন মাস্ক এগৰাকী ধনী ব্যক্তি আৰু ইয়াৰ পূৰ্বে এলন মাস্কে টুইটাৰৰ CEO বৰাক আগৰৱালাৰ লগতে অন্য টুইটাৰ কৰ্মী সকল চাকৰিৰ পৰা নিলম্বন কৰিছিল আৰু অৱশেষত টুইটাৰৰ মালিক এলন মাস্কে ঘোষনা কৰিলে টুইটাৰৰ নতুন CEO ফ্লোকি, এলন মাস্কে ‘টুইটাৰৰ নতুন’CEOৰ ফটো শ্বেয়াৰ কৰিছে।

এই ‘নতুন CEO’ অনলাইনত ভাইৰেল হৈ পৰিছে । এলন মাস্কে টুইটাৰৰ ‘নতুন’CEOৰ ফটো শ্বেয়াৰ কৰিছে আৰু কৈছে, ‘তেওঁ আন জনতকৈ বহুত ভাল।’ আমোদজনক ভাৱে, নতুন CEO’ এজন মানুহ নহয় কিন্তু তেওঁৰ পোহনীয়া ফ্লোকি।মাস্কে CEO’ৰ চকীত বহি থকা ফটো এখন পোষ্ট কৰিছিল। পোহনীয়া কুকুৰটোৱে CEO ক’লা টি-চাৰ্ট এটা পৰিধান কৰা দেখা গৈছে। কুকুৰৰ সন্মুখত এটা সৰু লেপটপ আৰু কেইখনমান কাগজ পৰি থকা দেখা গৈছে। পোষ্টটোত মাস্কে লিখিছিল, “টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়াজন আশ্চৰ্যজনক।”