Local, Vocal, Global

হৰি নামেৰে মুখৰিত হ’ল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা

ডিজিটেল ডেস্ক:-হৰি নামেৰে মুখৰিত হ’ল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা থলী পকামুৰা পথাৰ৷ ২১ খনকৈ খলাৰ পাঁচ হোজাৰ আয়তীৰ হৰি নামেৰে মুখৰিত হল পকামুৰা পথাৰ৷ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ স্থালীত আজি তৃতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা প্ৰাত:প্ৰসংগৰ পিচতেই আৰম্ভ হয় ২১ খন খলাত পাঁচহেজাৰ আইমাতৃৰ হৰিনাম৷প্ৰতিদিনেই প্ৰতি মূহুৰ্তত এইদৰেই মুখৰিত হৈ পৰে
জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ইয়াৰ পিচতেই আৰম্ভ হব আইমাতৃ সমাৰোহ ৷আন্তৰ্জাতিক নাৰী দিৱস আৰু ফাল্গু উৎসৱৰ লগত সংগতি ৰাখি আজি আয়োজিত এই আই মাতৃ সমাৰোহত বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ আই মাতৃৰ উপস্থিতিয়ে বৈকুন্ঠ নগৰীত পৰিণত কৰিব পকামুৰা পথাৰ৷