Local, Vocal, Global

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে মানিক সাহাই

ডিজিটেল ডেস্ক:-দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে মানিক সাহাই।প্ৰধানন্ত্ৰীৰ উপস্থিতত শপত গ্ৰহণ কৰিলে ত্ৰিপুৰাৰ নতুন চৰকাৰে।মানিক সাহাৰ লগতে আন চাৰিগৰাকী বিধায়কে শপত ল’লে কেবিনেট মন্ত্ৰী হিচাপে।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিতত ত্ৰিপুৰাৰ বিবেকানন্দ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হ’ল ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান।

প্ৰধানমন্ত্ৰী লগতে উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।মানিত সাহাৰ লগতে বুধবাৰে ৰতন লাল নাথ,প্ৰাণজিৎ সিনহা ৰায়,সান্তনা চাকমা,সুশান্ত চৌধুৰী,টিংকু ৰায়, বিকাশ দেৱ বাৰ্মা,সুধাংশু দাস,সুক্লা চৰণ নোআটিয়াকে ধৰি আন আঠজন কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।