Local, Vocal, Global

বুধবাৰৰ পৰা গুৱাহাটীত ড্ৰাই ডে’- পৌৰনিৰ্বাচনৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ আগন্তুক গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ তিনিদিন আৰু ২৪ এপ্ৰিলত ড্ৰাই ডে’ ঘোষণা কৰিছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা কৰাৰ লগতে ভোট গণনাৰ দিনটোতো অৰ্থাৎ ২৪ এপ্ৰিলৰ দিনাখনো ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এক জাননীযোগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হয়।

ড্ৰাই ডে’ৰ সময়ত গুৱাহাটী মহানগৰ জিলাত সকলো সুৰাৰ দোকান বন্ধ থাকিব। ড্ৰাই ডে’ৰ সময়ত ব্যক্তিগতভাৱে সুৰা গোটাই ৰখাটোৱো নিষিদ্ধ কৰা হৈছে।

গুৱাহাটী পৌৰ নিগমৰ ষাঠিটা ৱাৰ্ডত ড্ৰাই ডে’ৰ সময়ত সুৰাৰ বিক্ৰী বন্ধ কৰাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জাননীত উল্লেখ কৰা হয়।

ড্ৰাই ডে’ৰ সময়ত নিৰ্দিষ্ট নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যাৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰা হয়।